চেও-চাপৰি নামithялаw X— dРmoальmo
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তীয় একো কাৰণ দিয়া হোৱা নাই।
|
চেও-চাপৰি নাম হৈছে অসমীয়া বাৰেৰহণীয়া সংস্কৃতিৰ এক মূল্যৱান সম্পদ। এই চেও চাপৰি নাম প্ৰধানকৈ দৰং জিলাৰ মঙ্গলদৈ অঞ্চলত প্ৰচলিত।
সূচী
- 1 উৎপত্তি
- 2 বিৱৰণ
- 3 প্ৰসংগ পুথি
- 4 তথ্য সংগ্ৰহ
উৎপত্তি[সম্পাদনা কৰক]
চেও-চাপৰি নামৰ উৎপত্তি সম্পৰ্কে সঠিককৈ জানিব পৰা নাযায়। অৱশ্যে কোনো কোনো লোকৰ মতে মহাপুৰুষীয়া খটৰা সত্ৰই ইয়াৰ উৎপত্তি স্থল।
বিৱৰণ[সম্পাদনা কৰক]
বিষয়বস্তু
চেও-চাপৰি নামৰ বিষয়বস্তু ৰামায়ণ, মহাভাৰত, কীৰ্ত্তন-দশম কেন্দ্ৰিক। ৰামায়ণ, মহাভাৰত অথবা কীৰ্ত্তন-দশমৰ পৰা তেওঁলোকে গোৱাৰ উপযোগীকৈ গীত-পদ উলিয়াই লয়।
ব্যৱহৃত বাদ্যযন্ত্ৰ
চেও-চাপৰি নাম পৰিৱেশন কৰিবলৈ এযোৰ নাগাৰা আৰু কমেও দুযোৰ ভোৰতালৰ প্ৰয়োজন হয়।
পৰিৱেশন শৈলী
চেও-চাপৰি নাম এবিধ দলীয় পৰিৱেশ্য কলা। এইবিধ নামৰ দলত এজন পাঠক থাকে। পাঠকে এটা সুৰত নাম লগাই দিয়ে আৰু সংগী সকলে সেই সুৰ ধৰি নাম গাই যায়।পাঠক জনে নৃত্যৰ ভংগীত পদচালনা কৰি যায় আৰু সমান্তৰালভাৱে হাতেৰেও বিভিন্ন মুদ্ৰা বা ভংগী দেখুৱাই যায়।নামৰ মাজতে তালুৱৈ সকলে প্ৰদৰ্শন কৰা বিভিন্ন চং আৰু ঘূৰণে দৰ্শকক আনন্দ প্ৰদান কৰে। চেও-চাপৰি নামত চাৰিৰ পৰা আঠজনীয়া এটা দলে অবিৰাম ভাৱে 'খেদা নাচন', 'সৰকি নাচন', আদি পৰিৱেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।
চেও-চাপৰি নামৰ আটাইতকৈ উল্লেখযোগ্য আৰু আকৰ্ষণীয় দিশটো হ'ল- নামৰ যুঁজ। ঠাই বিশেষে দুটা দলে চেও চাপৰি নাম পৰিৱেশন কৰে। তেতিয়া দুয়োটা দলৰ মাজত সুৰৰ বৈচিত্ৰ্য, তাল আদিৰ ভিত্তিত নামৰ যুঁজ বা প্ৰতিযোগিতা হয়।এইক্ষেত্ৰত দৰ্শক বা ৰাইজেই বিচাৰকৰ ভূমিকা পালন কৰে।
বৰ্তমানেও দৰং জিলাৰ মঙ্গলদৈ অঞ্চলত এই চেও- চাপৰি নামৰ প্ৰচলন আছে। বৰ্তমান এই সম্পদবিধৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে।
প্ৰসংগ পুথি[সম্পাদনা কৰক]
- ৰাজবংশী, পৰমানন্দ; দাস, নাৰায়ণ(সম্পা.):- 'অসমীয়া সংস্কৃতি কণিকা' তৃতীয় প্ৰকাশ(২০০৬), চন্দ্ৰ প্ৰকাশ পৃষ্ঠা:- ১৩০-৩১