শৰালি হাঁহ9 Pr 36iva3px 3emifFli s 24ev,6cOo
শৰালি হাঁহ (Lesser Whistling Duck) | |
---|---|
![]() | |
জাৰ্মানীত এটা শৰালি হাঁহ | |
সংৰক্ষণ স্থিতি | |
![]() সংকটৰপৰা মুক্ত (IUCN 3.1)[1] | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Dendrocygninae |
গণ: | Dendrocygna |
প্ৰজাতি: | D. javanica |
বৈজ্ঞানিক নাম | |
Dendrocygna javanica (Horsfield, 1821) | |
![]() | |
Resident range in green and summer range in blue |
শৰালি (ইংৰাজী: Lesser Whistling Duck, বৈজ্ঞানিক নাম-Dendrocygna javanica) ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়া ত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইহঁত সাধাৰণতে নিশাচৰ আৰু দিনৰ ভাগত বৃহৎ গোটত হ্ৰদ বা জলপূৰ্ণ খেতি-পথাৰত থকা দেখা যায়৷ ই গছৰ খোৰোঙত কেতিয়াবা বাহ সজা দেখা যায়৷ এই দীঘল ডিঙিৰ চৰাইবিধে উৰিলে বহল ডেউকা দুখনে হুইছেলৰ দৰে এটা শব্দ কৰে ৷ ইয়াৰ বুকুখন ৰঙচুৱা যিয়ে ইয়াক একেধৰণৰ প্ৰজাতি বৰ-শৰালিৰ পৰা পৃথক কৰে৷
সূচী
- 1 বিৱৰণ
- 2 বিতৰণ
- 3 বাসস্থান
- 4 আচৰণ
- 5 তথ্য সংগ্ৰহ
- 6 বাহ্যিক সংযোগ
বিৱৰণ[সম্পাদনা কৰক]

এই ৰঙচুৱা মুগা হাঁহবিধ কেৱল বৰশৰালিৰ পৰা পৃথক কৈ চিনাক্তকৰণতহে অসুবিধা হ'ব পাৰে৷ কিন্তু ইয়াৰ পাৰ্থক্য স্পষ্টকৈ দেখুউৱা বৈশিষ্ট্যসমূহ হৈছে শৰালিৰ নেজত ৰঙচুৱা বৰণ আছে কিন্তু বৰশৰালিৰ নেজৰ বৰণ ক্ৰীম বা বগা ৰঙৰ হোৱা দেখা যায়৷ উৰন্ত অৱস্থাত ইয়াৰ মূৰ দেহতকৈ কিছু তললৈ হালি থাকে৷ মতা-মাইকী উভয়ে দেখাত একে হয়৷ ইহঁতে লাহে লাহে উৰে কিন্তু ডেউকা ঘনকৈ কোবায় যাৰ ফলত শব্দৰ সৃষ্টি হয়৷ ইহঁত প্ৰায়ে নিশাচৰ হয় আৰু দিনৰ ভাগত জিৰণি লৈ থাকে৷ [2][3][4][5]
বিতৰণ[সম্পাদনা কৰক]

শৰালি প্ৰধানকৈ এবিধ স্থানীয় হাঁহৰ প্ৰজাতি৷ ই ভাৰত উপমহাদেশ তথা দক্ষিণ-পূব এছিয়াৰ জলাশয় সমূহত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক প্ৰধানকৈ ভাৰত, নেপাল, শ্ৰীলংকা]], মালয়েছিয়া, চিংগাপুৰ]], ইণ্ডোনেছিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত দেখা পোৱা যায়৷ তদুপৰি ইহঁত আন্দামান, নিকোবৰ, মালদ্বীপকে ধৰি ভালেমান দ্বীপ-পূন্জত বিস্তৃত হৈ আছে৷ [6] ইহঁতে কেতিয়াবা স্থানীয় বতৰৰ পৰিৱৰ্তনৰ বাবে আৰু পানীৰ সহজলভ্যতাৰ প্ৰভাৱত দক্ষিণৰ ফালে পৰিভ্ৰমণ কৰে৷
বাসস্থান[সম্পাদনা কৰক]
শৰালি হাঁহ প্ৰধানকৈ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখা যায়৷ দিনৰ ভাগত ই পাৰত জিৰণি লয়৷ [3] আনকি নগৰ অঞ্চলৰ জলাশয় সমূহতো বহতো শৰালি হাঁহ চৰি থকা অৱস্থাত দেখা যায়৷ উদাহৰণস্বৰূপে কলকাতা, গোৱা আদিত শীতকালত এই হাঁহবিধ দেখা যায়৷ [7][8][9]
আচৰণ[সম্পাদনা কৰক]

শৰালিয়ে সাধাৰণতে বৃহৎ জাকত বাস কৰে৷ ইহঁতে প্ৰধানকৈ জলজ উদ্ভিদ আৰু খেতি পথাৰৰ ধান, সৰু মাছ, ভেকুলী আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী সমূহ খাই জীয়াই থাকে৷ [10] ই প্ৰায়ভাগ সময় পানীত চৰি কটায়৷ [11]
প্ৰজনন কালত মতা শৰালিয়ে মাইকীজনীৰ সন্মুখত ঠোঁটটো তল-ওপৰ কৰি আৰু চাৰিওকাষে ঘুৰি মাইকীজনীক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে৷ [12][13]ইহঁতে বাৰিষা প্ৰজনন কৰে বুলি জনা যায় যদিওখাদ্যৰ সহজলভ্যতাৰ ওপৰত নিৰ্ভৰ কৰি ঠাইভেদে ইয়াৰ ব্যতিক্ৰম হোৱাও দেখা যায়৷ গছৰ খোৰোঙত ডালি আৰু ঘাঁহেৰে ইহঁতে বাহ সাজে৷ কেতিয়াবা চিলনী বা কণামুচৰিৰ পুৰণা বাহতো ইহঁতে কণী পৰা দেখা যায়৷ এবাৰত ৭-১২ টাকৈ কণী পাৰে৷ কণীৰ বৰণ বগা হয়৷ মতা-মাইকী উভয়ে উমনি দিয়ে৷ [14][15]৷ কণী পৰাৰ ২২-২৪ দিনৰ ভিতৰত কণী ফুটি পোৱালি জগে৷ [16][3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ BirdLife International (2009). "Dendrocygna javanica". IUCN Red List of Threatened Species. Version 3.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600351। আহৰণ কৰা হৈছে: 11 May 2006.
- ↑ Heinroth, O. (1911). "Beitrage zur Biologie, namentlich Ethologie und Psychologie der Anatiden" (German ভাষাত). Proc. Fifth International Ornithological Congress, Berlin. Internation Ornithological Congress. পৃষ্ঠা. 589–702. http://www.archive.org/stream/proceedingsofint51910inte#page/673/mode/1up.
- ↑ 3.0 3.1 3.2 Ali, Salim; Sidney Dillon Ripley (1978). Handbook of the Birds of India and Pakistan. Volume 1 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 138–139.
- ↑ Rasmussen PC & JC Anderton (2005). Birds of South Asia. The Ripley Guide. Volume 2. প্ৰকাশক Washington DC and Barcelona: Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 68.
- ↑ Phillips, John C. (1922). A natural history of the ducks. Volume 1. প্ৰকাশক Boston and New York: Houghton Mifflin Company. পৃষ্ঠা. 148–156. http://www.archive.org/stream/naturalhistoryof01phi#page/n235/mode/1up.
- ↑ Anderson, R C & M Baldock (2001). "New records of birds from the Maldives, with notes on other species". Forktail খণ্ড 17: 67–73. http://www.orientalbirdclub.org/publications/forktail/17pdfs/Anderson-Maldives.pdf.
- ↑ Abdulali, Humayun (1965). "Behaviour of Lesser Whistling Teal [Dendrocygna javanica (Horsfield)] in Alipore Zoo, Calcutta". J. Bombay Nat. Hist. Soc. খণ্ড 62 (2): 300–301.
- ↑ Lainer, Heinz (2000). "Waterfowl of the Carambolim Lake". Newsletter for Birdwatchers খণ্ড 40 (5): 59–60.
- ↑ Mazumdar S; P Ghosh and GK Saha (2005). "Diversity and behaviour of waterfowl in Santragachi Jheel, West Bengal, India, during winter season". Indian Birds খণ্ড 1 (3): 68–69.
- ↑ Bolen, Eric G; Rylander, M Kent (1975). "Notes on the morphology and ecology of the Lesser Whistling Teal (Dendrocygna javanica)". J. Bombay Nat. Hist. Soc. খণ্ড 72 (3): 648–654.
- ↑ Bharucha, EK (1990). "Common Myna as a campfollower of Lesser Whistling Teals". J. Bombay Nat. Hist. Soc. খণ্ড 86 (3): 450.
- ↑ Johnsgard, Paul A. (1965). Handbook of Waterfowl Behavior. Cornell University Press. পৃষ্ঠা. 21. http://digitalcommons.unl.edu/bioscihandwaterfowl/10/.
- ↑ Raj, M (1991). "Field observations on the behaviour of Lesser Whistling Teal in Assam". Newsletter for Birdwatchers খণ্ড 31 (5–6): 4–6. http://www.archive.org/stream/NLBW31_56#page/n5/mode/2up.
- ↑ Aldrich, HC (1945). "Record clutch of eggs of the Whistling Teal [Dendrocygna javanica (Horsf.)]". J. Bombay Nat. Hist. Soc. খণ্ড 45 (4): 610.
- ↑ Yom-Tov, Yoram (2001). "An updated list and some comments on the occurrence of intraspecific nest parasitism in birds". Ibis খণ্ড 143: 133–143. doi:10.1111/j.1474-919X.2001.tb04177.x.
- ↑ Parsons, RE (1940). "Does the Common Whistling Teal have more than one brood in the year?". J. Bombay Nat. Hist. Soc. খণ্ড 41 (4): 901.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Dendrocygna javanica সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Call recordings
- Videos and other media on the Internet Bird Collection